Genesis 23

চাৰাৰ মৃত্যু আৰু তেওঁক মৈদাম দিয়া।

1চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল। 2কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে।

3পাছত অব্রাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তানসকলক ক’লে, 4“মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক কবৰ দিব পাৰো।”

5তেতিয়া হেতৰ সন্তানসকলে অব্ৰাহামক উত্তৰ দি ক’লে, 6“হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ কবৰবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক কবৰ দিয়ক। আপোনাৰ মৃতকক কবৰ দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ কবৰস্থান এৰি দিবলৈ আপত্তি নকৰিব।”

7তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে।

8তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা। 9পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছো তাৰ সাক্ষী আপোনালোক হ’ব।”

10তেতিয়া হেতৰ সন্তানসকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তানসকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, 11“নহয়, মোৰ প্ৰভু, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”

12তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে। 13আৰু বাসিন্দাসকলে শুনাকৈ ইফ্ৰোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”

14তেতিয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, 15“হে মোৰ প্ৰভু, মোৰ কথা শুনক, চাৰিশ চেকল ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।” 16পাছত অব্ৰাহামে ইফ্ৰোণৰ কথাত মান্তি হৈ, হেতৰ সন্তানসকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।

17মম্ৰিৰ সন্মুখত মকপেলাত ইফ্ৰোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে, 18হেতৰ সন্তানসকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল।

19পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্য্যা চাৰাক মৈদাম দিলে। এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তানসকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।

20

Copyright information for AsmULB